ৰাজ্য

এ পি এছ চিৰ অনিয়মৰ বিৰুদ্ধে চৰকাৰৰ পদক্ষেপ

বৰ্তমান সংবাদ, দিছপুৰঃ অসম চৰকাৰে এ পি এছ চিৰ ২০১৩ বৰ্ষৰ এ চি এছ, এ পি এছ আৰু অন্যান্য সেৱাৰ বাবে নিৰ্বাচিত ৩৪জন বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লৈছে৷ ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদনৰ আধাৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে চৰকাৰে এই উদ্যোগ গ্ৰহণ কৰিছে৷ সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কঠোৰ স্থিতি লৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে৷ একেদৰে ২০১৫ বৰ্ষৰ ১২ মে’ত ফলাফল ঘোষণা কৰা এ পি এছ চিৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাৰ টেবুলেশ্বন শ্বীটত নম্বৰৰ বিসংগতিত নাম সাঙোৰ খোৱা বিষয়াৰ বিৰুদ্ধেও আয়োগৰ প্ৰতিবেদনমৰ্মে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হৈছে৷ উল্লেখ্য যে ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ঘটা অনিয়ম সন্দৰ্ভত ইতিমধ্যে ৫৭ জন এ চি এছ, এ পি এছ আৰু অন্যান্য সেৱাৰ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button