দোকমোকালিতে
আকাশ ফালি ওলাল
ৰঙা বেলি
পুৱতিৰ সূৰুযৰ জিলমিলনি
সম্পৰ্কবোৰ আগৰ দৰে
থকাহেঁতেন
আজিৰ দিনটো
তেওঁৰ বাবে হ’লহেঁতেন
বহু প্ৰত্যাশিত দিন
আজি তেওঁ বিচাৰিব মোক
আমি একেলগে দেখা সপোনবোৰত
বিচাৰিব তেওঁ মোক
স্মৃতিৰ ৰংবোৰৰ মাজত
নাই,
ক’তোৱেই বিচাৰি নাপাব
তেওঁ মোক
পশ্চিম আকাশত ৰঙা বেলি
মাৰ যোৱাৰ পাছত ৷
মো: ৯১০১৭৪২১৭৬