কবিতাসাহিত্য

সময়ৰ বোঁৱতী নদী

ৰীতামনি বায়ন

সময়ৰ বোঁৱতী নদী
কি যে শক্তিদায়িনী !

পাহাৰী নৈৰ ঢল থমকি ৰ’লেই
সোণোৱালী শইচৰ দৰে
প্ৰেমৰ অনুৰাগে
উজ্জীৱিত কৰে মনৰ পৰিধি

নিৰৱধি নদীৰ আৱেগৰ সোঁতত
জীৱনৰ পানচৈ ৰ’লেই
প্ৰেমে নাম লয় মন্দাকিনী

জীৱনৰ নাম নদী হ’লেই
হৃদয়ে হৃদয়ক চিনে
বসুধাত উঠে প্ৰেমৰ কলৰোল

সময়ৰ বোঁৱতী নদীত
অৱগাহন কৰিলেই
নল মৰি গজালি ওলায় ৷

মো: ৮৪৮৬৪২২৭৩৪

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button